অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ PDF
Document Details
Uploaded by Deleted User
Tags
Summary
This document provides a detailed overview of economic geography, including definitions, scope, branches, and resource management. It discusses the concepts of resources, their uses, and conservation. The document appears to be an academic text, likely a part of a textbook or study guide based on the organization and in-depth explanations given.
Full Transcript
# প্রথম অধ্যায় ## অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ ### মূল আলোচ্য বিষয় - অর্থনৈতিক ভূগোলৰ সংজ্ঞা, বিষয়বস্তু, পৰিসৰ আৰু শাখা-প্রশাখা - সম্পদৰ অৰ্থ, গুৰুত্ব আৰু শ্ৰেণীবিভাজন - সম্পদৰ ব্যৱহাৰ - সম্পদ সংৰক্ষণ: অর্থ, প্রয়োজনীয়তা, পদ্ধতি আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ ভূমিকা ### ১.১: অর্...
# প্রথম অধ্যায় ## অর্থনৈতিক ভূগোল: বিষয়বস্তু আৰু সম্পদ ### মূল আলোচ্য বিষয় - অর্থনৈতিক ভূগোলৰ সংজ্ঞা, বিষয়বস্তু, পৰিসৰ আৰু শাখা-প্রশাখা - সম্পদৰ অৰ্থ, গুৰুত্ব আৰু শ্ৰেণীবিভাজন - সম্পদৰ ব্যৱহাৰ - সম্পদ সংৰক্ষণ: অর্থ, প্রয়োজনীয়তা, পদ্ধতি আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ ভূমিকা ### ১.১: অর্থনৈতিক ভূগোলৰ সংজ্ঞা আৰু বিষয়বস্তু ভূগোল বিষয়টো প্রধানকৈ প্রাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত । অর্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তৰ্গত এটা অন্যতম প্রধান শাখা । ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল (Economic Geography) বোলে । দৰাচলতে পৃথিৱীৰ সকলো ঠাইৰ প্ৰাকৃতিক পৰিৱেশ যিদৰে একে নহয়, ঠিক সেইদৰে ইয়াৰ মানৱসৃষ্ট পৰিৱেশো ভিন্ ভিন্ হয় । ভূ-প্রকৃতি আৰু ভূতাত্ত্বিক গঠনৰ পাৰ্থক্যকে ধৰি জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ বাবে ভূ-পৃষ্ঠৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয় । উদাহৰণ স্বৰূপে ভূ-পৃষ্ঠৰ কোনো ঠাই পার্বত্য উচ্চভূমি, আন কোনো ঠাই সাৰুৱা সমভূমি, সাগৰ-মহাসাগৰীয় উপকূল ভূমি, কোনো ঠাই আকৌ জলবায়বীয়ভাৱে অতিপাত ঠাণ্ডা বা অতিপাত উষ্ণ । তদুপৰি কিছুমান অঞ্চল অৰণ্যেৰে ভৰা বা আন কিছুমান অঞ্চল গৰাখহনীয়া আৰু বানপানীৰ প্ৰাকৃতিক দুর্যোগেৰে দুৰ্দশাগ্রস্ত । লগতে গছ-গছনি, পানী, খনিজ সম্পদ আদিৰ দৰে প্ৰাকৃতিক সম্পদৰো প্ৰাচুৰ্য, বিতৰণ আৰু গুণাগুণৰ ক্ষেত্ৰতো যথেষ্ট পার্থক্য দেখা যায় । প্রাকৃতিক পৰিৱেশৰ এনে পাৰ্থক্যৰ ফলত মানুহ আৰু পৰিৱেশৰ সম্পৰ্কও পৃথিৱীৰ সকলো ঠাইত একে নহয় আৰু ইয়াৰ ফলত সৃষ্টি হোৱা মানৱ পৰিৱেশো বেলেগ বেলেগ হয় । অৰ্থাৎ সাৰুৱা সমভূমি অঞ্চল কৃষি, উপকূলীয় অঞ্চল মাছ ধৰা কাৰ্য আৰু যাতায়াত-ব্যৱসায়, খনিজ সম্পদত চহকী অঞ্চল উদ্যোগ, আনহাতে ঘাঁহনিৰ প্ৰাচুৰ্য থকা অঞ্চল পশু-পালনৰ ক্ষেত্ৰত বিশেষভাৱে আগবঢ়া হয় । দৰাচলতে ভূ-পৃষ্ঠত বিৰাজ কৰা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰৰ বিভিন্নতাৰ বাবে মানুহৰ জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কার্যকলাপো সকলো ঠাইতে বেলেগ বেলেগ হয় । এনে পাৰ্থক্যৰ বাবে কোনো এখন ঠাই যেতিয়া কৃষি কার্যত উন্নত হয়, আন এখন ঠাই ব্যৱসায়-বাণিজ্য, ঔদ্যোগিক বা মৎস উৎপাদন কার্যত চহকী হয় । এনে কাৰণতে পৃথিৱীৰ সকলোবোৰ ঠায়েই ইখনে-সিখনৰ ওপৰত নিৰ্ভৰ কৰি এক সম্পৰ্ক ৰক্ষা কৰি চলি থাকে । অর্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত এনেধৰণৰ সকলোবোৰ কথাই আলোচনা কৰা হয় । ### ১.২: অর্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ অর্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয় । ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্রশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত- - অর্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত? - অর্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি? - অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত? - অর্থনৈতিক কার্যটো য'ত আছে তাতে কিয় হৈছে? - অর্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি? উক্ত পাঁচটা প্ৰশ্নৰ প্ৰথম তিনিটাৰ লগত পৰম্পৰাগত অৰ্থনৈতিক ভূগোল জড়িত । কিন্তু পাছৰ দুটা প্রশ্নই বিশেষকৈ আধুনিক অর্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰিছে । আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জর্জ ছিজহ'ম (George Chisholm)ৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অর্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য । আন দুজন অর্থনৈতিক ভূগোলবিদ জন্ম আৰু ডাকেনৱাল্ডৰ (C.F. Jones and G.G. Darkenwald) মতে আকৌ অর্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কার্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু আন কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায়-বাণিজ্যত আগবঢ়া এনে প্রশ্নবোৰৰ উত্তৰ উদ্ঘাটনত সহায় কৰে । অর্থাৎ অর্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য চাৰি প্ৰকাৰৰ: - (১) প্রাথমিক বৃত্তি (Primary Occupation) : যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰপৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বোলে যেনে- কৃষি কার্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ । আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি। - (২) দ্বিতীয়ক বৃত্তি (Secondary Occupation) : যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰপৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে যেনে- শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নির্মাণ কার্য ইত্যাদি । - (৩) তৃতীয়ক বৃত্তি (Tertiary Occupation) যি কাৰ্যৰ দ্বাਰਾ প্রাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্রীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে । যেনে- যাতায়াত, পৰিবহণ, বজাৰ,, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ। - (৪) চতুর্থক বৃত্তি (Quaternary Occupation) : (যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বোলে যেনে- বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ। এটি বহল বিষয় হিচাপে অর্থনৈতিক ভূগোল কেইবাটাও পদ্ধতিৰে অধ্যয়ন কৰা হয় । তাৰ ভিতৰত আঞ্চলিক (Regional Approach), বিষয়বস্তু সম্বন্ধীয় বা পণ্যদ্রব্য সম্বন্ধীয় (Topical or Commodity Approach), আচৰণগত (Behavioural Approach), নীতি-নিয়ম (Principles Approach), তন্ত্র-বিশ্লেষণ (System Analysis Approach) আৰু প্রতিষ্ঠানীয় (Institutional Approach) ভিত্তিক অধ্যয়নেই বিশেষভাবে উল্লেখযোগ্য । সম্প্রতি অৰ্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়নত সাংখ্যিক পদ্ধতি প্রয়োগৰ লগতে ভৌগোলিক তথ্য বিশ্লেষণ পদ্ধতি (Geographical Information System) আৰু বিভিন্ন সূত্র-নিদর্শ (Theory-Model) আদিও ব্যৱহৃত হয় । সেয়ে বহু ক্ষেত্ৰত ব্যৱহাৰিক অৰ্থনৈতিক ভূগোলত সমস্যা সমাধান পদ্ধতি ব্যৱহাৰ কৰা হয় । মানুহৰ অৰ্থনৈতিক কার্যকলাপ যিদৰে বিভিন্ন, ঠিক সেইদৰে অৰ্থনৈতিক ভূগোলৰো বহুতো বিশেষ শাখা-প্রশাখাই গঢ় লৈ উঠিছে । এইবোৰৰ ভিতৰত কৃষি ভূগোল (Agricultural Geography), ঔদ্যোগিক ভূগোল (Industrial Geography), সম্পদ ভূগোল (Geography of Resources), পৰিবহণ ভূগোল (Transport Geography), বজাৰ ভূগোল (Marketing Geography), পৰিকল্পনা আৰু উন্নয়ন ভূগোল (Geog-raphy of Planning and Development), পর্যটন ভূগোল (Geography of Tourism) আদি বিশেষভাৱে উল্লেখযোগ্য (তালিকা ১.১)। অর্থনৈতিক ভূগোলৰ